AGNIBINAAR TAAN | অগ্নিবীণাৰ তান | ZUBEEN GARG | New Assamese Song Lyrics | Assamese lyrics library

 জুবিন গাৰ্গ Zubeen garg  ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী, বাঙালী আদি সকলো ভাষাত তেওঁ কণ্ঠদান কৰিছে। AGNIBEENAR TAAN (অগ্নিবীণাৰ তান)- এটা অসমীয়া ভাষাৰ গান । অগ্নিবিনাৰ তান গানটো জুবিন গাৰ্গৰ এলবাম ছিলা ৰ এটি গান। Assamese Song by Zubeen Garg, Album from SILAA. অগ্নিবিনাৰ তান গানটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। দৰাচলতে এই গানটো অম্বিকাগিৰী ৰায় চৌধুৰী দেৱৰ কবিতাৰ পৰা লোৱা হৈছে। গানটোৰ লগত জৰিত তথ্য সমূহ তলত উল্লেখ কৰা হল।


Singar : Zubeen garg

Lyrics : Ambikagiri Raichoudhury

Album : Silla

 Music Label - Dhwani Records .

We have collected AGNIBINAAR TAAN lyrics which are given below.


AGNIBINAAR TAAN (অগ্নি-বীণাৰ তান) SONG LYRICS


এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান,

ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান ।

এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান,

ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান ।

 ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ ;

ইযে ৰূদ্ধ আত্ম-বেদনা নিজৰি ওলোৱা অনল ভাঁপ ।

এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান,

ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান ।



ইযে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন-গান ;
ইযে মৃত্যুঞ্জয় পদৰ কাৰণে মহা হলাহল পান
ইযে মাতৃ চৰণ পূজাৰ বেদীত হৃদয় ৰক্ত দান ;
ই যে ভাই ভাই সবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ।

ই যে হীনতা-নীচতা ভীৰুতা-দীনতা জোকাৰি পেলোৱা ভাব ;
ই যে এক ৰূপ-ৰসে, এক ৰঙে চঙে এক কৰি দিয়া চাব ।



ই যে মহা মানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান ;
ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান ।
ই যে সুপ্ত জীৱন চকোৱা জগোৱা বজ্ৰ-নিনাদ তান ।
ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃঙ্খল অভিযান ।
ই যে নৰনাৰায়ন লাঞ্ছিত হোৱা ভয়াবহ ইতিহাস ;
ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণভৰা অভিলাষ ।



ই যে মুক্ত জীৱ বন্ধন কৰা কঠোৰ বেথাৰ হান ;

যে মানৱতা অবমাননাকাৰীক মৰ্দিত কৰাৰ ধ্যান ।

    ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহা বান ।

    ই যে মাতৃ আদেশ, সন্তান -প্ৰাণ দিবলকে বলিদান ।

ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ ;

ইযে ৰূদ্ধ আত্ম-বেদনা নিজৰি ওলোৱা অনল ভাঁপ ।

এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান,

ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান ।



AGNIBINAAR TAAN (অগ্নি-বীণাৰ তান) SONG LYRICS IN ENGLISH FONT


Eitu nohoi hahi tamasar
Bhagor juruwa gaan
Ee je jibon moron ekakar kora
Agni-binaar taan

Eitu nohoi hahi tamasar
Bhagor juruwa gaan
Ee je jibon moron ekakar kora
Agni-binaar taan

Ee je sato opoman lanchana haani
Ujora osim taap
Ee je rudho aatma bedona
Nijori anol taap

Eeitu nohoi hahi tamasar
Bhagor juruwa gaan
Ee je jibon moron ekakar kora
Agni-binaar taan

Ee je sudhaar karone debo danobor
Sindhu mothon gaan
Ee je mrityunjoy podor karone
Moha holahol paan

Ee je matri soron pujar bedit
Hridoy rokto daan
Ee je vai vai sobe sokur posarote
Ek hoi juar praan

Ee je heenota, nisota, bhiruta, dinota
Jukari pelua vaab
Ee je ek rupe- rokhe
Ek ronge- songe eek kori diya saab

 

Ee je moha manobota murchito huwa
Oti ghurr opomaan
Ee je utpirokor ghrinito gorbo
Guri kora abhimaan
Ee je supto jeevan sokua jogua
Bojro ninad taan
Ee je manobor odhikaar hetu kora
Sringkhol obhijaan
Ee je Naranarayan lanchito huwa
Bhoyaboh eetihaah
Ee je jibonor hoke moribor hetu
Praanbhora obhilaakh

 

Ee je mukto jeevan bondhon kora
Kothur bethaar haan
Ee je manobotak obomanonakari kari
Mordito korar dhyaan

Ee je soto aaghaator rokto dhuuwa
Srabonor mohabaan
Ee je matri aadekh sontaan praan
Diboloi k bolidaan
Ee je sato opoman lanchana haani
Ujora osim taap
Ee je rudho aatma bedona
Nijori anol taap

Eitu nohoi hahi tamasar
Bhagor juruwa gaan
Ee je jibon moron ekakar kora
Agni-binaar taan

 


Thanks for using our website for finding অগ্নি-বীণাৰ তান | AGNIBINAAR TAAN Song Lyrics.



Assamese lyrics library provided Assamese song lyrics in english & assamese font. You can browse different categories like – Assamese song lyrics And Hindi song Lyrics, Assamese song lyrics Zubeen Garg, Assamese song lyrics Neel Akash, Papon Assamese song lyrics, Old Assamese Lyrics, bihu song lyrics in Assamese assamese song lyrics 2020 and many more. 




Post a Comment

2 Comments

Can give your opinion