ছাতি / Saati Lyrics Sung by Zubeen Garg & Zublee Baruah |New Assamese song Lyrics 2022
ছাতি (Saati) এটি অসমীয়া ভাষাৰ জনপ্ৰিয় ৰোমাণ্টিক মেলডি গান । এই গানটোত কণ্ঠ নিগৰাইছে অসমৰ জনপ্ৰিয় তথা প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু জুবলী বৰুৱাই। ছাতি (saati) গানটোৰ কথা (Lyrics) ৰাহুল গৌতম শৰ্মাৰ । এই গানটোত সঙ্গীত কৰিছে বিজয় শংকৰে । গানটোই মুক্তি লাভ কৰিছে ২০২২ বৰ্ষৰ ১৬ মাৰ্চ তাৰিখে (16-Mar-2022) Zubeen Garg Music ইউটিউব চেলেনটোত।
Lyrics are Available on Assamese Lyrics Library
Audio Credits
Singer: Zubeen Garg & Zublee
Lyrics & Composition: Rahul Gautam Sharma
Music: Bijoy Sankar
Percussion: Raja Baruah
Sitar: Shubhankar Hazarika
Guitar: Ishanu
Flute: Anjan Medhi
Mix & Mastering: Diganta Bordoloi at Studio Audioholic
Recorded at Kirili by Bijoy Sankar and Red AV Studio by Pinku Das
ছাতি ~ Saati Lyrics in Assamese
তুমি বাৰিষা তুমি বৰষুণ
তুমি ছাতি.. খামুচি হাতে
নৈ গৈ গৈ তোমালৈয়ে বয়
নিৰবধি__ মোহনা তোমাতেই
তুমি জোন তুমি সোন
তুমি আপোনৰ আপোন
মই আৰু মোৰ মেদিনীৰ
মই আৰু মোৰ পৃথিৱীৰ
তুমি আছাঁ ৰঙে বিৰঙে মোৰ
হেঁপাহৰ আধাৰশিলা হৈ .. ঐ
তেজত ঘামত ঘ্ৰাণত
বিয়পি বিৰিঙি আছা তুমি
ফাগুন , জেঠত, পুহত, প্ৰতি ঋতুক
সামৰি আছা তুমি
মৰমেৰে জীয়া শাওন পানী
পানী পাই মনে পোখা মেলি
গা গছে লতা পকাই বগাই
মোৰ বনানি হৈ ..ঐ
তুমি জোন তুমি সোন
তুমি আপোনৰ আপোন
মই আৰু মোৰ মেদিনীৰ
মই আৰু মোৰ পৃথিৱীৰ
তুমি আছাঁ ৰঙে বিৰঙে মোৰ
হেঁপাহৰ আধাৰশিলা হৈ .. ঐ
ছাতি ~ Saati Lyrics in English Font
Tumi barikha tumi borokhun
Tumi saati… khamusi haate
Noi goi goi tumaloiye boi
Nirobodhi__ muhona tumatei
Tumi joon tumi xun
Tumi apunor apun
Moi aru mur medinir
Moi aru mur prithibir
Tumi asa ronge bironge mur
Hepahor adhaarhila hoi… oi
Tezot ghaamot ghraanot
Biyopi biringi asa tumi
Fagun, jethot, puhot, proti rituk
Xamori asa tumi
Moromore jiya xaun pani
Pani pai mone pukha meli
Ga-gose lota pokai bogai
Mur bonani hoi… oi
Tumi joon tumi xun
Tumi apunor apun
Moi aru mur medinir
Moi aru mur prithibir
Tumi asa ronge bironge mur
Hepahor adhaarhila hoi… oi
THANKS FOR USING OUR WEBSITE FOR FINDING ছাতি | Saati SONG LYRICS |
BEST ASSAMESE LYRICS COLLECTION
নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা কৰোঁ আপোনালোকে আমাৰ এই পোষ্টটো ভাল পালে, অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ এই পোষ্টটো Share কৰি দিব। আৰু আপোনালোকে বিচৰা থকা অসমীয়া গানৰ কথা (Lyrics) সমূহ আমাৰ কমেণ্ট বক্সত (Comment Box) জনাবলৈ নাপাহৰিব।।
0 Comments
Can give your opinion