I love you ~ আই লাভ ইউ ~ Assumes lyrics

আই লাভ ইউ

                  - জুবিন গাৰ্গ


আই লাভ ইউ বুলি ক’লোঁ মই
তুমি চাগে নুশুনিলা
কঠিন শিলৰে হৃদয়
তোমাৰ সঁচাকে জানা
আই নিড ইউ বুলি ক’লোঁ মই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি
নুমাল হঠাতে জানা ।

 
তিনি আলিতে লগ পোৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে মই যোৱা
বেঁকাকৈ তুমি চোৱা
তোমালৈ মই চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰ’লা
তুমি চাগে নুবুজিলা
বুকুতে যে নথ’লা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ ।

 
কলেজৰে কেণ্টিনত
গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা
আছিল জানো মিছা
ৰাতি ৰাতি অকলে
তোমাক লৈ নিৰলে
বুকুতে সপোন গুঁঠা
আজি দেখোঁ মিছা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰ’লা
তুমি চাগে নুবুজিলা
বুকুতে যে নথ’লা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ ।।

Post a Comment

0 Comments