Akakhi ganga bisora nai ~ আকাশী গংগা বিচৰা নাই ~ Assamese lyrics

আকাশী গংগা বিচৰা নাই

                       - ভূপেন হাজৰিকা


আকাশী গংগা বিচৰা নাই
নাই বিচৰা স্বর্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ।

 
মহা মহা সাগৰৰে
কতনা লহৰ লেখিলোঁ
মহা মহা নগৰীতে
কতনা বাট হেৰুৱালোঁ
মৰম জ্যোতিৰ পম খেদি খেদি
বোৱালোঁ গুপুতে অশ্রুধাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ।

 
হয়তো নিতৌ হেজাৰজনৰ
হেজাৰ শৰাই পাওঁ
তথাপি কিয় বিশেষজনৰ
মৰম বিচাৰি যাওঁ ।
মহা মহা নাট ঘৰে ঘৰে
কণ্ঠ-শোণিত নিগৰালোঁ
মহা মহা শ্রোতা-জনতাৰে
মুখত হাঁহি বিৰিঙালোঁ
ক্ষণিক মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ।

Post a Comment

0 Comments