Akakhe botahe tumake dekhisu ~ আকাশে বতাহে তোমাকে দেখিছোঁ ~ Assamese lyrics

আকাশে বতাহে তোমাকে দেখিছোঁ

                                    - বোলছবি


আকাশে বতাহে তোমাকে দেখিছোঁ
অচিনা আৱেশত ওপচি পৰিছোঁ
কিযে ঢৌ উঠিছে, বুকুতে সঘনে
কঁপনি তুলিছে, দেহাত শিহৰণে
I feel like something something
তুমি বাৰু জানানে ?

 
হিয়াৰে কোণতে কাৰ, ছবিটিনো ৰয়
ওঁঠৰে হাঁহিয়ে কি কথাটিনো কয়
তুমিনো বুজি নোপোৱানে চকুৰে ভাষা
নক’লোৱে যেনিবা মই মনৰে কথা
মৰমে কিদৰে মেৰিয়া বান্ধিছে
তোমাৰে বুকুৰে কাষলে টানিছে
I feel like something something
তুমি বাৰু জানানে ?

 
গাভৰু মনতে কোন, আলহীনো হয়
এবুকু সপোনে কাক সাবটিনো লয়
নখহি পৰেনো যানা মনৰে গড়া
নদী যদি নামি আহে মৰমে ভৰা
চেঁচা বতাহে মোৰ কিনো জুই আনিছে
দেহাৰে ভাঁজতে সৰিয়হ ফুটিছে
I feel like something something
তুমি বাৰু জানানে ?

Post a Comment

0 Comments