Assamese song Lyrics | Ahe ba nahe ~আহে বা নাহে ~ Zubeen Garg | Assamese Lyrics Library

আহে বা নাহে
         - জুবিন গাৰ্গ

আহে বা নাহে ঘুমটি
আহিবা ৰাতি
সপোনকে লৈ, সপোনকে লৈ
থাকে বা নাথাকে
শাওনৰে ঢল তুমি
মৰমৰে নৈ, মৰমৰে নৈ
দুপাখি মেলি
সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ
তুমি ৰোৱা যেন মোলৈ ৰৈ ।

 
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা
মোৰ হিয়াতে ৰৈ ।

 
জুৰে বা নুজুৰে বান্ধি লওঁ
কিনো মৰমৰে এনাজৰীকে পাওঁ
জুৰে বা নুজুৰে বান্ধি লওঁ
কিনো মৰমৰে এনাজৰীকে পাওঁ
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলি
তুমি ৰঙেৰে চৈ ।।

Post a Comment

0 Comments